WhatsApp Image 2023 08 19 at 7.26.45 PM   WhatsApp Image 2023 08 19 at 7.26.40 PMWhatsApp Image 2023 08 19 at 1.22.52 PM

 

সোণাৰি কমাৰ্চ কলেজৰ নৱাগত আদৰণি সভা ও গ্ৰন্থ উন্মোচন অনুষ্ঠান সম্পন্ন।         সোণাৰি, ২০ আগষ্ট, ২০২৩: সোণাৰি কমার্চ কলেজৰ নৱাগত আদৰণি  সভখন যোৱা ইং ১৯ আগষ্ট, শনিবাৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড. বিপুল দেৰ পৌৰোহিত্যত কৌস্তুভ সোৱৰণি হলত অনুষ্ঠিত হয় ৷ সভাৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ ছাত্র-ছাত্রী সকলে কলেজ সংগীতটো পৰিবেশন কৰে। ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক  অংকুৰ জ্যোতি শইকীয়াই উদ্দেশ্য ব্যাখ্যা কৰা আৰু অধ্যাপক জয়ন্ত ফুকনে আঁতধৰা সভাখনত সোণাৰি কলেজৰ অধ্যক্ষ ড. বিমল চন্দ্র গগৈ  আৰু পৰিচালনা সমিতিৰ সভাপতি দেবেন বৰুৱাই বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি ছাত্ৰ-ছাত্রী সকলক উদ্দেশ্যি উদগণি মুলক বক্তব্য আগবঢ়ায়। উক্ত সভাতে মহাবিদ্যালয়ৰ গবেষণা আৰু মহিলা কোষৰ দ্বাৰা প্রকাশ কৰা গবেষণা গ্রন্থ 'উন্নাভ' উন্মোচন কৰে সোণাৰি কলেজৰ প্রাক্তন অধ্যক্ষ ৰবিন চন্দ্র কোঁৱৰে ৷ সভাত উপাধ্যক ভোলানাথ তামুলি আৰু অধ্যাপক ড. বিজিত শইকীয়াই নৱাগত ছাত্র-ছাত্রী সকলক আদৰণি জনাই বক্তব্য প্রদান কৰে। সভাৰ শেষত মহাবিদ্যালয়ৰ ছাত্র-ছাত্রী সকলৰ দ্বাৰা এক সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয় ৷